Skip to content
নীপকো ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে ক্ষতিগ্ৰস্ত কৰা পাঁচনৈ অঞ্চল পৰিদৰ্শন TMMK ৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ।
■ ৮ /৬/২০২৫ তাৰিখে নীপকো ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে ক্ষতিগ্ৰস্ত কৰা পাঁচনৈ অঞ্চল পৰিদৰ্শন কৰে TMMK ৰ কেন্দ্ৰীয় বিষয়ববীয়াই।
উল্লেখ্য যে, বানত সৰ্বস্বান্ত হোৱা লখিমপুৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰত প্ৰশাসনৰ তত্বাৱধানত থকা পিতৃ-মাতৃ হাৰা চুইটি আৰু ৰুমা কুটুমক সাক্ষাৎ কৰি সমবেদনা জনোৱাৰ লগতে আগন্তুক দিনত প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়।
পৰিদৰ্শনকাৰী দলটোত উপস্থিত থাকে TMMK ৰ মাননীয়া কেন্দ্ৰীয় সভানেত্ৰী তথা জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং ডাঙৰীয়ানী, TMMKৰ সন্মানীয়া উপ-সভানেত্ৰী মমতা দলে ডাঙৰীয়ানী, TMMK সন্মানীয়া প্ৰাক্তন সাধাৰণ সম্পাদিকা বিচিত্ৰা দলে ডাঙৰীয়ানী, সন্মানীয়া সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু ডাঙৰীয়ানী, TMMK লখিমপুৰ জিলাৰ সন্মানীয়া সভানেত্ৰী হেমলতা মিলি ডাঙৰীয়ানী, TMPK লখিমপুৰ জিলাৰ সন্মানীয় সভাপতি বিজিত পায়েং ডাঙৰীয়াৰ লগতে TMMK ৰ অন্যান্য বিষয়ববীয়া সকল।