
সংগঠন এটা জন্ম হোৱাৰ অন্তৰালত নির্দিষ্ট কিছুমান উমৈহতীয়া লক্ষ্য, উদ্দেশ্য থাকে আৰু এই লক্ষ্য আৰু উদ্দেশ্যক সাৰোগত কৰি সংগঠনৰ কাৰ্যসূচী প্ৰস্তুত কৰি আগবাঢ়িব লাগিব।
জনগণৰ আস্থাভাজন তথা আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আমি আত্মবিশ্বাস আৰু প্ৰতিশ্ৰুতিৰে সংগঠনত ঐক্যবদ্ধ হ’বই লাগিব। সেয়ে সর্ব্বসন্মতি ক্রমে নিম্নোল্লিখিত লক্ষ্য আৰু উদ্দেশ্য ঠিক কৰা হৈছিল
১। সৰ্ব্বস্তৰৰ মিচিং মহিলা সকলক সাংগঠনিকভাৱে সংগৱদ্ধ কৰা।
২। সকলো ধৰণৰ জাতি-ধর্ম, বর্ণগত বঞ্চনা, শোষণ নিপীড়নৰ বিৰুদ্ধে সংগ্ৰাম কৰা।
৩। সকলোধৰণৰ সামাজিক আৰু ঘৰুৱা অন্যায় অবিচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰা।
৪। সকলোধৰণৰ অন্ধবিশ্বাস আৰু অযুক্তি সংগত নীতি-নিয়মৰ বিৰোধিতা কৰা আৰু নাৰীসকলক শিক্ষিত, সৱল কৰা।
৫। নাৰী আৰু পুৰুষৰ সমান অধিকাৰ, সম-মৰ্যদাৰ বাবে সংগ্ৰাম কৰা।
৬। নাৰী সম্পৰ্কীয় বিষয়ত অন্যান্য সমভাৱাপন্ন নাৰী সংগঠনৰ লগত ঐক্যবদ্ধভাৱে কাম কৰা।
৭। মিচিং সমাজৰ ভাষিক, সাংস্কৃতিক ও সামাজিক উন্নয়নৰ বাবে কাম কৰা।
৮। মিচিং জাতীয়তাৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামত নিজকে জড়িত কৰা।
৯। সকলো ধৰণৰ অপসংস্কৃতিৰ বিৰুদ্ধে সংগ্রাম কৰা।
১০। মিচিং জাতীয়তাৰ কৃষ্টিৰ সংৰক্ষণ আৰু বিকাশৰ বাবে কাম কৰা।
১১। বিশ্বজুৰি হ’বধৰা নাৰী মুক্তিৰ আন্দোলনত সঠিক পথ নিৰ্ধাৰণ কৰি সমৰ্থন জনোৱা।
১২। সকলোধৰণৰ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলা।
১৩। সকলোধৰণৰ প্ৰতিবিপ্লৱী উপাদানৰ বিৰুদ্ধে নাৰীসকলক সংগঠিত কৰা।
১৪। নাৰীসকলক ৰাজনৈতিকভাৱে সচেতন কৰি তোলা।


টাকাম মিচিং মিমৗ কৗবাঙৰ জন্ম ইতিহাস
ঊষাৰাণী কুম্বাং পেগু
সভানেত্রী, টি.এম.এম.কে
মিচিংসকল অসমৰ অন্যতম জনগোষ্ঠী যদিও বিভিন্ন সমস্যা- এফালে বানপানী, গৰাখহনীয়া আৰু আনফালে জাতীয় সংকট।
টাকাম মিচিং পৰিণ কৗবাং (টি.এম.পি.কে) জন্মলগ্নৰে পৰাই মিচিংসকলৰ এই সমস্যাসমূহৰ সমাধানৰ সংগ্ৰাম সন্মুখশাৰীত।
টাকাম মিচিং পৰিণ কৗবাঙৰ প্ৰতিটো সংগ্ৰামৰ কাৰ্যসূচীত মিচিং মহিলাসকলৰ অৱদান উল্লেখনীয় যদিও সু-শৃঙ্খলভাৱে সংগঠিত হৈ সংগ্রামসমূহত ব্রতী হ’ব পৰা নাছিল।
এৰা-ধৰাৰ মাজেদি জাতীয় চেতনা থকা কিছু মিচিং মহিলাৰ বাদে প্রায় ভাগেই টাকাম মিচিং পৰিণ কৗবাঙৰ সংগ্ৰামৰ মূল লক্ষ্য আৰু উদেশ্যক বুজি উঠিব পৰা নাছিল।
টাকাম মিচিং পৰিণ কৗবাঙৰ নেতৃত্বই অনুভৱ কৰিব পাৰিছিল যে, সংগ্রামখন দীর্ঘম্যাদী আৰু সু-শৃঙ্খলভাৱে পৰিচালিত কৰিবলৈ হ’লে মহিলাসকলক সংগঠিতভাৱে শিক্ষিত ও একত্রিত কৰিব লাগিব।
এই উদ্দেশ্য আগত ৰাখিয়েই ১৯৯০ চনৰ ৯, ১০ আৰু ১১ জানুৱাৰী তাৰিখে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা মহিলা অভিৱৰ্তনত টাকাম মিচিং মিমৗ কৗবাং (টি এম এম কে) নামৰ জাতীয় সংগঠন এটি জন্ম দি এখনি পূর্ণাঙ্গ পৰ্যায়ৰ কমিটী গঠন কৰা হয়।
এই পূর্ণাঙ্গ পৰ্যায়ৰ কমিটীখনে পৰৱৰ্তী সময়চোৱাত মহিলাসকলক একত্ৰিত কৰি জাতীয় সংগঠনসমূহৰ উমৈহতীয়া সংগ্ৰামৰ কাৰ্যসূচীক তীব্ৰতৰ কৰাৰ উপৰিও মিচিং মহিলাসকলৰ মাজত সংগ্ৰামৰ মূল লক্ষ্য আৰু উদ্দেশ্যক সফলভাৱে প্ৰচাৰ কৰি সজাগতা আনিব পাৰিছিল।
মহিলাসকলৰ বিভিন্ন সমস্যাবোৰ আলাপ-আলোচনাৰ মাজেদি সমাধানৰ পদক্ষেপ লোৱাৰ লগতে ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক ও আর্থ-সামাজিক দিশত আগবঢ়াই নিয়াৰ উপৰিও আজিৰ বাস্তৱ পৰিস্থিতিত মিচিং জাতীয় সংগ্রামত নিজস্বভাবে সহযোগিতা আগবঢ়াই যাব পাৰিছে।

টাকাম মিচিং মিমৗ কৗবাঙৰ কৰ্মসূচী:
১। শিশু সমাজৰ শাৰীৰিক তথা মানসিক বিকাশৰ কাৰণে গাৱঁ গাৱেঁ “চৃচাং অটচুৰ” (মইনা পৰিজাত) গঠন কৰা।
২। মিচিং মহিলাসকলৰ মাজত স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা গঢ়ি তোলা।
৩। মিচিং বয়ন শিল্পক এক বৃহৎ সংগঠিত ঘৰুৱা উদ্যোগৰূপে গঢ়ি তোলা।
৪। পৰম্পৰাগতভাৱে চলি অহা পশুপালনৰ ওপৰত উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা।
৫। ‘গেজিগ গেৰ’ৰ অধীনত মিচিং মহিলাসকলৰ দ্বাৰা উৎপাদিত বস্ত্ৰ-খাদ্য সামগ্রী, হস্ত নির্মিত বস্তুৰ উপযুক্ত বজাৰৰ ব্যৱস্থা গঢ়ি তোলা।
৬। ‘গেজিগ গেৰ’ক জিলাসমূহত অধিক সক্রিয় আৰু কাৰ্যক্ষম কৰি গঢ়ি তোলা।
৭। জীৱন জীৱিকাৰ ওপৰত উপযুক্ত প্রশিক্ষণ দি মহিলাসকলৰ দক্ষতা বিকাশৰ (Skill Development) ব্যৱস্থা কৰা।
৮। অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ দূৰীকৰণৰ বাবে অঞ্চলে অঞ্চলে সজাগতা সভা অনুষ্ঠিত কৰা।
৯। মাদকদ্রব্য নিবাৰণৰ ব্যৱস্থা কৰা।
১০। মহিলাসকলে পাব পৰা আইন সুৰক্ষাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰা।
১১। TMMK জন্ম দিৱসৰ লগত সংগতি ৰাখি প্রত্যেক বছৰৰ ১০ জানুৱাৰীৰ দিনটো সাৰোগত কৰি খাদ্য মেলা আয়োজন কৰা। থলুৱা মিচিংসকলক ব্যৱসায়িক দিশত উৎসাহ যোগোৱা আৰু নিজস্বতা বর্তাই ৰখা আদি কর্মসূচীত সন্নিৱিষ্ট কৰা হৈছে।

টাকাম মিচিং মিমৗ কৗবাং (টি এম এম কে) গঠনৰ পটভূমি:
তাৰিখটো আছিল ২ আৰু ৩ ছেপ্তেম্বৰ, ১৯৮৯। টাকাম মিচিং পৰিণ কৗবাঙৰ আহ্বানত জীয়াধল হাইস্কুলত এখন মিচিং জাতীয় অভিৱর্তন অনুষ্ঠিত হয়। এই অভিৱর্তনতেই মিচিং স্বায়ত্তশাসন সংগ্রামখনক অধিক সু-সংহত কৰা, এই সংগ্ৰামত মহিলাৰ অংশগ্রহণ সংগঠিতভাবে নিশ্চিতকৰণ কৰা, বিশ্বজনীন নাৰী মুক্তি সংগ্ৰামৰ লগত মিচিং মহিলাসকলকো যুক্ত কৰাৰ মহান উদ্দেশ্য আগত ৰাখি বিভিন্ন দিশ চালি-জাৰি চাই অভিৱর্তনে মহিলাসকলক সংগঠিত কৰাৰ পোষকতা কৰি এক মহিলা সংগঠন জন্ম দিয়াৰ বলিষ্ঠ পদক্ষেপ লয়। এই মহান পদক্ষেপৰ অংশ হিচাপে মিচিং মহিলাসকলক লৈ মহিলা অভিৱর্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। উক্ত মিচিং জাতীয় অভিৱৰ্তনতেই পৰৱৰ্তী মহিলা অভিৱৰ্তনৰ যাৱতীয় কাম-কাজ আগবঢ়াই নিয়াৰ লগতে অসমৰ শদিয়াৰ পৰা বুৰুলিলৈকে থকা মিচিং মহিলাসকলক সংগঠিত কবি প্রস্তাবিত মহিলা অভিৱর্তনত অংশগ্রহণ নিশ্চিতকৰণ কৰাৰ বাবে শ্রীমতী ঊষাৰাণী কুম্বাঙক মুখ্য আহ্বায়িকা হিচাপে লৈ এখন ৯ জনীয়া আহ্বায়িকা সমিতি গঠন কৰে। এই আহ্বায়িকা সমিতিৰ সদস্যাসকল ক্রমে-
১। উযাবাণী কুম্বাং-মুখ্য আহ্বায়িকা (জ’নাই)
২। অযোধ্যা পেণ্ড-সদস্যা (ধেমাজি)
৩। তনুজা পেগু -সদস্যা (ধেমাজি)
৪। দেবীলতা দলে-সদস্যা (জীয়াধল)
৫। ৰীণা পাতিৰ – সদস্যা (বকুলগুৰি)
৬। প্রেমলতা পাতিৰ- সদস্যা (জ’নাই)
৭। দময়ন্তী কুটুম- সদস্যা (বোকাখাত)
৮। ৰুক্মিণী টাইদ- সদস্যা (ধেমাজি বাউলি)
৯। ৰাধিকা পাতিৰ- সদস্যা (গোগামুখ)
জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত ও পৰামৰ্শক সৰোগত কৰিয়েই আহ্বায়ক সমিতিৰ প্ৰতিজনী সদস্যাই অসমৰ শদিয়াৰ পৰা বুৰুলিলৈ প্ৰায়বোৰ অঞ্চলত সভা পাতি অঞ্চল বিশেষে আঞ্চলিক সমিতি গঠন কৰিবলৈ আৰম্ভ কৰা হৈছিল। লগে লগে আঞ্চলিক সমিতিৰ কিছু নেতৃত্বশীল মহিলাসকলক লৈ আহ্বায়ক সমিতিয়ে ১৯৮৯ চনৰ ২, ৩ আৰু ৪ অক্টোবৰ তাৰিখে সদৌ অসম মিৰি হাইস্কুলত টাকাম মিচিং পৰিণ কৗবাঙৰ আহ্বানত অনুষ্ঠিত হোৱা নেতৃত্ব প্রশিক্ষণ কর্মশালাত অংশগ্রহণ কৰোঁ। তেনেদৰে বিভিন্ন কাৰ্যসূচীৰে মিচিং মহিলাসকলৰ মাজত জাতীয় চেতনা জগাই তুলি বিভিন্ন কাৰ্যসূচীৰে মিচিং মহিলাসকলৰ মাজত জাতীয় চেতনা জগাই তুলি বিভিন্ন প্রান্তত ইতিমধ্যে গঠন হোৱা আঞ্চলিক সমিতিৰ সদস্যা তথা অসমৰ বিভিন্ন অঞ্চলৰ সচেতন মহিলাসকলৰ উপস্থিতিত প্রস্তাৱিত মহিলা অভিৱর্তনখনি ১৯৯০ চনৰ ৯, ১০ আৰু ১১ জানুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মহিলা অভিৱর্তনে ‘টাকাম মিচিং মিমৗ কৗবাং নামকৰণেৰে এক মহিলা সংগঠনৰ জন্ম দিয়ে। অভিৱৰ্তনে সৰ্ব্বসন্মতি ক্রমে শ্রীযুক্তা প্রভাৱতী দলেক সভানেত্রী, শ্রীযুক্তা নন্দিতা পেগুক কাৰ্যকৰী সভানেত্ৰী আৰু শ্রীমতী ঊষাৰাণী কুম্বাঙক সাধাৰণ সম্পাদিকা হিচাপে লৈ টাকাম মিচিং মিমৗ কৗবাঙৰ এখন পূর্ণাঙ্গ পৰ্যায়ৰ কেন্দ্ৰীয় সমিতি গঠন কৰে। উল্লেখযোগ্য যে, মহিলা অভিৱৰ্তনৰ ১০ জানুৱাৰী তাৰিখে টাকাম মিচিং মিমৗ কৗবাঙৰ পূৰ্ণাঙ্গ পৰ্যায়ৰ কেন্দ্ৰীয় সমিতি গঠন কৰাৰ বাবে উক্ত তাৰিখকেই টাকাম মিচিং মিমৗ কৗবাঙৰ ‘প্রতিষ্ঠা দিৱস’ হিচাপে পালন কৰি আহিছে।

