কাৰ্যনিৰ্বাহক সভা

Takam Mising Mime Kebang

কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা

২৮/০৫/২০২৫ তাৰিখে গোগামুখ আবুতানি লত্তাত টাকাম মিচিং মিমৗ কৗবাঙৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং ডাঙৰীয়ানীৰ সভানেত্ৰীত্বত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত IT Cellৰ গুৰুত্বতা আৰু প্ৰচাৰ – প্ৰসাৰ সম্পৰ্কে পুংখানুপুংখভাৱে বক্তব্য আগবঢ়াই R News India 24ৰ প্ৰতিষ্ঠাপক শিৰোমণি দলে ডাঙৰীয়াই।আনহাতে, গেজিক গেৰ’, চৃঃচাং অটচুৰ আৰু সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচন, আগন্তুক মিচিং স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ লগতে মহিলা সমাৰোহ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। উপস্থিত থাকে TMMKৰ মাননীয়া উপদেষ্টাদ্বয় ঊষাৰাণী কুম্বাং ডাঙৰীয়ানী, মূল্যৰীনা পেগু ডাঙৰীয়ানী, সন্মানীয়া উপ-সভানেত্ৰী ক্ৰমে- বন্তিবালা পেগু ডাঙৰীয়ানী, মমতা দলে ডাঙৰীয়ানী, ইলাজ্যোতি কুম্বাং ডাঙৰীয়ানী, মীৰু মিচং ডাঙৰীয়ানী, সন্মানীয়া সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু ডাঙৰীয়ানী, R News India 24 ৰ মুখ্য সম্পাদীকা সংগীতা দত্ত ডাঙৰীয়ানী, TMMK ৰ সমূহ সন্মানীয়া কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সভানেত্ৰী- সম্পাদিকা সকল। উল্লেখ্য যে, সভাত উপস্থিত’ TMMK ৰ পৰা মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয় হোৱা প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনোৱা হয়।

কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা Read More »